Translate

Saturday, February 14, 2015

জয়মতী দিৱস-প্ৰেম দিৱস








১৩ চ'ত






 

১৪ ফেব্রুৱাৰি ভেলেনটাইন দিৱস



বেলেগৰ বাবে আজিৰ দিনটো কেনে কব নোৱাৰো, কিন্তু গুজৰাটত  ফুল বেচা কেইজনৰ কাৰণে ই অতি সুন্দৰ টকা কমোৱাৰ সুযোগ।

প্রেমত পৰি হাবু দুবু খাই থকা চেঙেলিয়াৰ পৰা, মোৰ দৰে  সুন্দৰ  ছোৱালী দেখিলেই ডেকা যেন অনুভৱ কৰি  ৰঙীন সপোন ৰচা আদবয়সীয়া সকলোৱেই আজি ৰঙা গোলাপ কিনিবলে ৰাস্তাৰ কিনাৰত বেহা লগোৱা ফুলৰ দুকানলৈ পোনাই! 


আমাৰ অসমত আজি কেনে হয় মই নেজানো, কিন্তু তথাপিও মোৰ বোধেৰে ফুলৰ ব্যবসায় কৰা খুবেই কম, নায়েই কিজানি। ২০১২ চনত গুজৰাটৰ অৱশ্যে এজনে বিশ্ব ৰেকর্ড কৰিছিল সর্বাধিক গোলাপ বেচি।


ভেলেন্টাইন দিবস  চেইন্ট ভেলেন্টিয়াচৰ কোনটো  মহান প্ৰেম কাহিনীলৈ উৎজাপন কৰা হয় মই নেজানো, জিয়ফ্রি চছাৰৰ ১৮শ শতিকাত কি অৱদান আছিল তাকো কব নবাৰো।  নিচেই ওচৰত, নিজা ঘৰতে হোৱা হিয়া কোমলাই নিয়া কাহিনী কেইটাই পাহৰি গলো- বেলেগৰ  গীতৰ লগত কি ৰাগ মিলাম? কেতিয়াবা  ভাবো হিন্দু পৰিষদে ঠিকেই কৈছে নেকি ? নিজৰ আনমোল খাজানাখিনি চুৱা পাতনিলৈ দলিয়াই আনৰ ৰত্নৰ বাবে হেপাহ কৰাতো কোনো গৌৰবৰ বিষয় হব নোবাৰে।



যোৱা কালি ফেচ-বুকত লিখনি এটা দেখি ভাল লাগিছিল।
https://www.facebook.com/bhagyajit.saikia.1 
তেওঁৰ মতে ১৩ চত’ৰ জয়মতী দিৱসটো প্রেম দিৱস বুলি পালন কৰিব লাগে। 
ঠিকেই। 

কিন্তু জয়মতীৰ বিষয়েনো আমি কিমান জানো?


কোনোবাই ডালিমীৰ কথা জানে নে? 
বেজবৰুবাৰ কাল্পনিক ডালিমীৰ কথা নহয়, আচল ডালিমীৰ কথা! কোন আছিল তাই?
 
নগা পাহাৰৰ মন জিলাৰ, তানহাই গাওঁৰ, কন্যাক ঠালৰ ছোৱালীজনী, যি গদাপাণিক লুকুৱাই ৰাখিছিল আৰু প্রেমত পৰি বিয়া কৰিছিল- সেইজনী ছোৱালীৰ নাম আছিল 
ওবাটলং।


তানহাই গাৱঁৰ লোকে আজিও কিজানি সেই কাহিনী কয়, গদাপাণি বহি শিলত থৈ যোৱা চিনটো দেখুৱাই। ছুমি খাই থওঁতে হৈ পৰা বাঁহৰ চুঙাৰ চিনটোও হেনু আছে।

গদাপাণি অৱশেষত অসমলৈ গুচি আহিল, ৰজা হ’ল।

আৰু ওবাটলং, তাইৰ কি হ’ল ?

তাই মাথো  বেজবৰুৱাৰ কল্পনাত ডালিমী হৈয়ে জীয়াই থাকিল !









জ্যোতিপ্রসাদৰ জয়মতী বোলছবিত ডালিমীৰ ৰূপত অভিনয় কৰা স্বৰ্গজ্যোতি (বৰুৱা)
দত্তকো আমি কেতিয়াবাই পাহৰি গলো।
 
আৰু আজি আমি  ভেলেন্টাইন দিৱস পালন কৰিবলৈ গোলাপ ফুল কিনিছো।

ভাগ্যজিৎ শইকীয়াৰ সৈতে মই একেবাৰে হয়মত। কিন্তু তেওঁৰ পোস্টত মই কোনো ‘লাইক’ দিয়া নাই। হেজাৰ ‘লাইক’এও কোনো ফল আনিব নোৱাৰে, যদিহে আমি এই বিছাৰটোক আন সকলোৰে মনত সোমোৱাই নিদিও।

১৩ চ'ত লৈকে ইয়াক অত্যাধিক প্রচাৰ কৰি এই ধাৰণাটোক ভাইৰেল কৰি তোলা হওক।






























No comments:

Post a Comment