ককাইদেউ
মোক
কিজানি খৰে খাইছিল, খজুৱাইছিলোঁ।
কি কৰিম
উপায় নাই, খজুৱাবই। গতিকেই
খজুৱাইছিলোঁ!
মোৰ ককায়ে
কিতাপ এখন লিখিছিল, সেই খনকেই মই অকণমান
ইফাল সিফাল কৰি পুনৰ প্রকাশ কৰিছিলোঁ। পয়মাল তাতেই হৈ গ’ল।
বহুতৰ
কবলে কিবাকিবি থাকে আৰু বিভিন্ন মাধ্যমেৰে তেওঁলোকে মনৰ কথা বিলাক প্রকাশ কৰে-
কিছুৱে লিখে- গান গায়, ছবি আঁকে, বোলছবি তৈয়াৰ কৰে। যি জনৰ একো নেথাকে তেওঁ আনৰ কথাখিনিকে নতুনকৈ কয় আৰু
লগত “ পুনঃ বৰ্ণিত, পুনঃ কথিত,
পুনঃ সংযোজিত” ধৰণৰ উক্তি এটা ফিটাত ওলোমাই
দিয়ে! ই কোনো বেয়া কথা নহয় বুলিয়েই মই ভাবো, কিয় পূৰ্ণিমাৰ জোনাক চোন
সূৰুজৰ পৰা ধাৰ কৰা পোহৰেই!
"নিজে কিবা নিলিখ কিয়?"
"ভাষাৰ
জ্ঞান নাই- ককাইদেউক ককাই বুলিছ, তই পাহাৰৰ
পৰা আহিছ নেকি"?
ভাষাৰ
জ্ঞান মোৰ সঁচাকে নাই।
মোতকৈ
আগতে জন্ম হোৱাটোক মোৰ অগ্ৰজ বোলা যায়। কিন্তু মই তাক কি বুলি মাতিম? তৰালী
পেহীৰ বাৰীৰ পৰা আম চুৰ কৰাৰ কাৰণে শাসনৰ চকু দেখুৱাৰ পিচতো মোৰ লগত বহি চুৰিকে
অনা আমকেইটা যি খাইছিলে,-
চাৰিআলিত
মোক জোকোৱা ডাঙৰ লৰা কেইটাক মোৰ হৈ যি ফেপেৰি পাতি ধৰিছিলে-
দুৰ্গা
পূজা চাবলৈ যাৰ হাতত ধৰি গৈছিলোঁ আৰু পূজাৰ বেদীৰ অসুৰটোৰ ভয়ত যাৰ পিচফালে
লুকাইছিলোঁ- তাক মই ককাইদেউ বুলি মাতিম নে ককাই বুলি?
কঁঠাল পাত
কাতি বনোৱা চকৰি ঘুৰাবলৈ দৌৰোঁতে পৰি লগা ঘা দুখৰত আলফুলে মলম লগোৱা ছোৱালী
জনীক- যি আনে নেদেখাকৈ মোৰ জলপানৰ বাতিত পিঠা এখন বেচিকৈ দিছিল- তাইক মই বাইদেউ
বুলি মাতিম নে বাইটি বুলি?
ককাইদেউ
বাইদেউ সন্মানেৰে মতা শব্দ।
মই কোনো
এজনক অতি সন্মান কৰা স্বতেও ভাল নাপাব পাৰোঁ।
সন্মান কৰা জনক পূজাৰ বেদীত ৰখা যায়। বেদী যিমানে ওখ হয় তাৰ পৰা খহি পৰাৰ ভয়ো
সিমানে বেচি।
মই মোৰ
বাই ককাইক কেব’ল সন্মানেৰে নহয়,
মৰম চেনেহৰ দোলেৰেহে বান্ধিব বিচাৰো
শব্দ
- “Words can be like X-rays if you use them properly --
they’ll go through anything. You read and you’re pierced.” এলডস
হাক্সলিয়ে কৰবাত লিখা কথা ৷
কেই মহীয়া
হোৱাৰ পিছত প্ৰথম মাত মাতিছিলোঁ নাজানোঁ, প্ৰথম
মাতষাৰ কি আছিল তাকো ক’ব নোৱাৰোঁ, কিজানি ‘মা’ য়ে হ’ব লাগে। সেয়ে কিজানি
আছিল মোৰ প্রথম ‘শব্দ’।
আইৰ কৰা
শব্দবোৰ সিয়াঁৰি লাহে লাহে অৰ্থ হোৱাকৈ কথা কবলে শিকিলোঁ। শব্দৰ সমষ্টিৰে ভাষা হয়।
গতিকে মাৰ পৰা শিকা ভাষাই মোৰ মাতৃভাষা। কিন্তু তেতিয়াও ই মাত্ৰ ‘ভোক লাগিছে’ ‘পিয়াহ লাগিছে’ বা তেনে
অনুভৱ বোৰ প্রকাশ কৰাৰ জৰিয়া এটাই আছিল। পিচতহে পাঠশালাত মাষ্টৰৰ বেটৰ আগত ইয়াৰ নিয়ম কানুন বোৰ
শিকি তাক ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ ল’লো। ভাষাক সজাই পৰাই দিলেই হেনু সাহিত্য হৈ যায়। পৰীক্ষাৰ বহীত ভাল নম্বৰেই
পাইছিলোঁ, তাৰ মানে ভাল
সাহিত্যই কৰিছিলোঁ নেকি!
পঁয়ত্ৰিশ
বছৰ অসমৰ বাহিৰত থাকি আজি প্ৰায় সেই ভাষা একেবাৰেই নকঁও। হিন্দী
ইংৰাজী গুজৰাটীয়েই মোৰ বাৰ্তালাপৰ প্ৰধান মাধ্যম। অসমীয়া প্ৰায় পাহৰিয়ে গৈছোঁ।
কিন্তু মই
প্ৰথমতে অসমীয়া শিকিছিলোঁ – গতিকে এটা ভাষা
শিকিছিলোঁ, আৰু সেই বাবেই হিন্দী ইংৰাজী বা আন ভাষা শিকিবলৈ
সক্ষম হ’লো। এটা শিশুৱে জীৱনৰ প্ৰথম পাচ
বছৰৰ ভিতৰতেই কথা কবলে শিকিব লাগিব। অন্যথা সি কেব’ল জন্তুৰ দৰে মাত্ৰ শব্দহে কৰিব পাৰিব, কথা কব
নোৱাৰে। কিপলিংৰ মোগলি বা ৰাইচ বৰ’ৰ টাৰজানে চিনেমাত কথা কব
পাৰিব পাৰে, টাৰজানে পিছলৈ টাউনত আহি ‘ইকলজি’ৰ ওপৰত গবেষণামূলক প্রবন্ধ লিখি ডক্টৰেত উপাধিও কিজানি পাইছিল। কিন্তু
সঁচা জীৱনত ‘ মই টাৰজান, তই জেন’ৰ বাহিৰে একো কব নোৱাৰিলে হেতেন, যেনেকৈ –ভাঁটৌ
চৰায়ে শিকাই দিয়া দুটা শব্দ কৈ নিজৰ পাণ্ডিত্য দেখুৱাই।
সাহিত্য
এটা জাতি বা দেশৰ দাপোণ । বৰুৱা মাষ্টৰে অষ্টম শ্ৰেণীত পঢ়াইছিল। তেনেহ’লে পাৰিজাত হৰণত লিখাৰ দৰে “ আমি পাঠশালা ছাৰিয়া ভাত খাইবাক গইলা ” নকও কিয়!
প্ৰশ্নটোৰ
কাৰণে ক্লাছ ৰুমৰ পিছ ফালে কানত ধৰি থিয় হব লগাত পৰিছিলোঁ।
আচলতে বৰুৱা
মাষ্টৰে মোৰ কথা বুজি পোৱা নাছিল।
কালচাৰ
বাগৰি আহি ট্রেডিছন হয়। সময়ৰ লগত কালচাৰ সলনি হয় আৰু তাৰ লগে লগে ভাষা আৰু
সাহিত্যও ! আজি ম’বাইল, ইন্টাৰনেট, এস এম এস, হুৱাটস-আপ
ৰে কমিউনিকেট কৰা মোৰ ল’ৰাৰ আধা খিনি কথাই মই
বুজি নেপাও, সিহঁতে লিখা কৌতুক বোৰত মই তিনি বাৰ হাঁহিব
লাগে!
সময়ৰ লগত
ভাষা আৰু সাহিত্য বদলি যায়!
আকৌ এটা উদ্ধৃতি
মনলৈ আহিছে-
“That's what careless words do. They make people love you a
little less.” ―
Arundhoti Roy “God of Small Things”
আজি নিশ্চয়
ময়ো কাৰোবাৰ মৰম অকণমান হেৰুৱাম !!!
মাষ্টৰ
বাইটিয়ে
কলেজত পঢ়াই- শিক্ষকতা কৰে – মানে মাষ্টৰনী, যি পঢ়াই, লাগিলে স্কুলতেই বা কলেজতেই হওক তেওঁক
মাষ্টৰেই বোলা হয়।
কিন্তু
মাষ্টৰ বুলি কলে মনলৈ মোৰ শ্রীবুধেস্বৰ লাহনলৈহে মনত পৰে। তেখেতে লোৱাৰ প্ৰাইমাৰীত আমাক পঢ়াইছিল আৰু সদায়ে
স্কুললৈ ৰেলী ছাইকেল এখন চলাই আহি স্কুল সোমায় টিলিঙা বজাই দিছিল। স্কুলত যদিও
দুজন শিক্ষকৰ নিযুক্তি হব লাগিছিল,
শ্রী-লাহনে এবাৰ এখন টেবুলত আৰু এবাৰ আনখন টেবুলত বহি অকলেই পাঠশালা চলাইছিল।
তেখেতক অঞ্চলৰ সকলোয়ে ‘বুধবেছৰ মাষ্টৰ’
বুলিয়ে জানিছিল।
মাষ্টৰৰ সকলৰ
অৰ্থনৈতিক অৱস্থা, চৰকাৰৰ অনুগ্ৰহত
পৰি সাধাৰণতেই অৱহেলিত আছিল। জীৱনৰ শেষ দিনলৈকে সেই চাইকেলখন চলায়ে থাকিল। আজিৰ
মাষ্টৰৰ কথা অৱশ্যে তেনে নহয় কিন্তু সিদিনাৰ প্ৰায় সকলো মাষ্টৰৰ টিলিঙা বজায় থকাৰ দৰেই দশা
আছিল। ইয়াৰ কাৰণ চৰকাৰেই নহয়, মোৰ
বোধেৰে আমিও দোষী আছিলোঁ। শিক্ষা দিয়াটো এটা অতি মহত্বপূৰ্ণ দায়িত্ব। শিক্ষকক আমি অতি সন্মান কৰো, কিন্তু ভাল পাবলৈ হয়তো নিশিকিলোঁ
আৰু সেয়ে তেওঁলোকৰ হৈ মাত দিবলৈ কোনো ওলাই অহা নাছিলোঁ।
এইটো
অৱশ্যে বহু বছৰৰ পুৰণি কথা। আজি সব মাষ্টৰেই কমচে কম এখন মাৰুতি গাড়ী
চলায়, ঘৰত হ’ম থিয়েটাৰ লগায় আই
পি এল চায়। তথাপিও আজিও অসমত মাষ্টৰ শব্দটোৰ কিছু পৰিমাণে ব্যংগতাৰে ব্যৱহাৰ হয় ।
মাষ্টৰ বুলি ক’লে প্ৰায় স্কুলৰ
মাষ্টৰৰ কথায়ে বুজা যায়- কিন্তু মাষ্টৰ মাষ্টৰেই, স্কুলত পঢ়াৱক বা কলেজতেই!
মই থকা
গুজৰাটত কথাটো অকণমান বেলেগ।
এবাৰ মোক
এটা সামান্য ট্রেফিক নিয়ম উলঙ্ঘন কৰাৰ বাবে পুলিচ এজনে ৰখাইছিল ঠিক
কলেজৰ সন্মুখতে। মই যে কলেজত পঢ়াই আহিছোঁ জানি তেওঁ কৈছিল-
“সাধাৰণতে মই এনে সৰু কাৰণে জৰিমনা নভৰাও, কিন্তু যিহেতু তুমি মাষ্টৰ তোমাক দুগুণ জৰিমনা কৰিম, প্ৰথম কথা তুমিহে আনক শিক্ষা দিব লাগে আৰু দ্বিতীয়তে তোমালোক মাষ্টৰৰ
লগত বহুত পইচা আছে"!
মইনো
কেনেকৈ পুলিচজনক বুজাও- মই মাত্ৰ এটা ভিজিটিং মাষ্টৰ, যাক
কেতিয়াবা মাহেকত এটা বা দুটা লেকচাৰ দিবলৈ মতা হয়।
কলেজৰ শিক্ষক সকলৰ কেইবাটাও স্তৰ আছে- যেনে- টিচাৰ মানে শিক্ষক মানে মাষ্টৰ, লেকচাৰাৰ, প্রফেছাৰ বা
অধ্যাপক, কিন্তু তেওঁলোক সকলকে ইয়াত মাষ্টৰেই বোলা হয়। মাষ্টৰ সকলে
শিক্ষাক ইয়াত এক ব্যৱসায় হিচাৰেই লয় আৰু তেওঁলোকে এই
ব্যৱসায়টো অতি নিস্তাৰে কৰে। ডাক্টৰী, ইঞ্জিনিয়াৰিং, একাউন্টেন্সী যিদৰে এক ব্যৱসায়,
শিক্ষাও তেনে এটা আৰু ইয়াৰ আধাৰত কোনো এক ব্যক্তিৰ মৰ্য্যদাক
নিৰ্ণয় কৰাৰ অধিকাৰ কাৰো নাই।
কিমান
বিপৰীত দৃষ্টি ভঙ্গী বোৰ!
কলেজ বা
স্কুল, ইয়াত বা অসমতেই হওক মাষ্টৰক
‘চাৰ’ আৰু মাষ্টৰনীক বাইদেউ বুলি মতা যায়। একে
উশাহতে- মাষ্টৰক ককাইদেউ কিয় নকওঁ মোৰ বিচাৰ জ্ঞানে ঢুকি নাপায়। 'চাৰ’ শব্দটো তিনিশ বছৰ ইংৰাজৰ গোলামী খাতোতে পিন্ধি থকা শিকলি দালে লগোৱা, কোনোদিন শুকাব নোখোজা ঘা এডোখৰ , যাক আমি অতি
গৌৰবেৰে প্ৰদৰ্শিত কৰো।
সাহিত্যৰ পতাকা লৈ
চিঞৰ বাখৰ কৰা সকলক মই সুধিব বিচাৰো আমি কিয় মহাশয় বুলি নকওঁ?
বাইটি
অসমৰ কোনো
এক কলেজত পঢ়োৱা বিশেষ এগৰাকী মাষ্টৰনী বাইদেউ মোৰ বাইদেউ হয় আৰু বাইদেউক মই বাইদেউ বুলি
নামাতি বাইটি বুলিয়েই মাতিম!
বাইটিয়ে
সাহিত্য পঢ়ায় । ভাল পঢ়ায় বুলি নাম আছে, সকলোৱে মান দিয়ে। তেওঁ লিখেও , বহুত
কিবা কিবি। দেশৰ সংস্কৃিতি, ৰাজনৈইতিক, সামাজিক আৰু কেতিয়াবা দিচাং নদীত মাছৰ সংৰক্ষণ কৰাৰ প্রয়োজন, আদি নানান
গভীৰ বিতৰ্ক লৈও লিখে। কিন্তু তেওৰ আচল বিশিষ্টতা হল ঐতিহাসিক ঘটনা খুচৰি উলিয়াই
আকৌ তাক নতুন ৰূপে পেচ কৰাটোহে। সময়ৰ পিটনিত পোত যোৱা কাহিনী এটাৰ শিপা দাল
টানি তেও গৈ থাকে যেতিয়ালৈকে সিটো মুৰত ফুলি থকা ভেঁটফুল পাহ ওলাই নপৰে।
পঢ়োৱৈৰ
পৰিধি বৰ বিস্তৃত নহ’লেও বাইটিৰ লিখা সকলোৱে
অতি আদৰৰে পঢ়ে আৰু প্ৰশংসা কৰে। সমালোচনা হয়তো কৰোতা খুবেই কম। সমালোচনা তেওঁ ভাল নাপায় আৰু এটা
বৃহৎ পাঠকৰ মাজত পৰিচিত নোহোৱাৰ কাৰণ কিজানি এয়ে।
বন্ধু
এজনে এবাৰ মোলৈ উপদেশ মুলক গল্প এটা ই-মেইলত পঠাইছিল-
যাযাবৰ
চৰাই এটাই দক্ষিণলৈ জাকৰ লগত উৰা মাৰিবনে অকলে ভ্ৰমণ কৰিব থিৰাং কৰি থাকোঁতেই
শীতৰ প্ৰকোপ চূড়ান্ত হৈ পৰিল। অৱশেষত সি উৰিবলৈ ল’লে। কিন্তু বেচেৰা বহু দূৰ যাবলৈ নেপালে। বতৰ তেতিয়ালৈকে ইমানেই চেচা পৰিল
যে তাৰ পাখিতো বৰফ জমিব ধৰিলে। বৰষুণৰ লগত পৰা শিল এটাৰ দৰে খহি আহি সি মুকলি
পথাৰ এখনত পৰিলহি। চৰি থকা গায় এজনীয়ে ঠাণ্ডাত গোট মাৰি থকা চৰাইটোৰ ওপৰতে অতি নিষ্ঠুৰ ভাবে মল
ত্যাগ কৰি থৈ গ’ল। কিন্তু
গোবৰ কনৰ উত্তাপে চৰাইটোক যেন পুনৰ জীৱন দিলে। আনন্দত সি গানকে এটা গাই পেলালে।
ওচৰতে ৰদ পুৰাই থকা মেকুৰীজনীয়ে চৰাইৰ মাত শুনি, তাক পুট খাই থকা গোবৰৰ পৰা আল ফুলে তুলি আনিলে। লেতেৰা চৰাইটোক চাফ কৰিলে আৰু অৱশেষত তাক খাই পেলালে।
আমালৈ
গোবৰ দলিয়ালেই কোনোবা আমাৰ শত্ৰু নহয় আৰু গোবৰৰ পৰা বচোৱা জনেই যে আমাৰ মিত্ৰ হব-
তাৰো কোনো নিশ্চয়তা নাই !
প্ৰায়বিলাক
কলা কাৰ বা সাহিত্যিকে সমালোচনা সহজ আৰু গঠনমূলক ভাবে ল’ব নোৱাৰে। কিজানি তেওঁলোকে পিগমেলিয়ন লক্ষণত
ভোগে।
অসমত
সাহিত্যিক বা শিল্পী হৈ জীয়াই থাকিব নোৱাৰি। চৰকাৰে দিয়া চাৰি হেজাৰ টকাৰ পেন্সনৰে
সাহিত্য শিল্পক কিমান আগবঢ়াব পৰা যায় মই নাজানোঁ। সেই বাবেই কিজানি ইয়াক সকলোৱে
অৱসৰ সময়ৰ 'হবি' হিচাপেই লয়। ফল স্বৰূপে অসমৰ সাহিত্য বা আন শিল্পৰ মান দন্দ বেচ উচ্চখাপৰ, কাৰণ ভাল সৃষ্টি বাধ্যবাধকতাৰ পৰা বাহিৰতহে
হয়।
বাইটিয়ে
লিখা কাহিনী বোৰ পঢ়ি কেতিয়াবা মনলৈ ভাব আহে- এনে কাহিনী
লিখাৰ বাবে চোন কল্পনা শক্তিৰ অভাব হ’লেও কোনো আপত্তি নাই। কোনোবাই খেতিৰ বাবে পথাৰ তৈয়াৰ কৰি থৈ গৈছে, গুটি সিঁচিলেই হল ! কিন্তু কোৱাৰ দৰে ইমান সহজ নহয়। সময়ে চন
পেলাই থৈ যোৱা কাহিনী এটা আকৌ জীৱন্ত কৰি তুলিবলৈও কল্পনাশক্তিৰ প্ৰয়োজন। কেৱল
হাতত ৰঙ আৰু তুলিকা হলেই জানো ছবি আঁকিব পাৰি?
যিয়েই নহওক, নানান সভা, মেল ইত্যাদিত
বাইটিয়ে সাহিত্যৰ ৰাজসভা বহায় আৰু মই আজি তেওঁৰ সভাত নেগুৰ কটা শিয়াল!
আকৌ শব্দ
ভাল
কাহিনী কবলে শব্দৰ অপাৰ ভাণ্ডাৰ খুলি দেখুৱাবৰ প্ৰয়োজন নহয়। দাঁত ভাঙি যোৱা শব্দ যাৰ অৰ্থ
বিচাৰি বাৰে বাৰে অভিধান খুলিব লগীয়া হয়, তেনে শব্দই গল্পৰ আচল সুবাস কন
ম্লান কৰি দিয়ে। অতি সাধাৰণ অথচ সঠিক শব্দটোহে বেচি কাৰ্য্যকৰী।
লৰালি কালত এটা চুটি গল্প পঢ়িছিলোঁ-'এখন বুকুৰ কথা', লক্ষীনন্দন বৰাৰ লিখা হব লাগে, ঠিক মনত নাই। কোনটো শব্দ কত ব্যৱহাৰ কৰা উচিত তাৰ বিষয়ে লিখা গল্পটোৰ কথা খিনিৰ লগত
মই আজিও হয় মত।
বাইটিৰ
লিখা কাহিনী পঢ়ি মই ভাল নাপাওঁ।
মই ঘৰত
আটাইতকৈ সৰু আছিলোঁ আৰু সৰু হোৱাৰ বহু যাতনা আছে। আজি পঞ্চাশৰ ডেওনা পাৰ হোৱাৰ
পিছতো মোক কোৱা যায়-
"তই
সৰু, একো নাজান”!
কিন্তু
ইয়াৰ মিঠা ৰসো আছে। সাত আঠ বছৰৰ কথা আজিও মনত পৰে- গধূলি হ’লে মই য’তেই নেথাকো লাগে
ঘৰলৈ উভতি আহোঁ, কেৰাচিনৰ
লেম্প আৰু চাকি কেইটা জ্বলোৱাৰ লেতেৰা কামটো মোৰ উপৰত দিয়া হৈছিল যিটো মই অতি লগনৰেই কৰিছিলোঁ। ফুট ছাইৰে মচি,চিমনিটো ফট ফতিয়া কৈ চফা কৰি, শিখা ডালৰ অকণিও টিকনি নোলোৱা কৈ কেঁচিৰে কাটি সম্পূৰ্ণ আধা চন্দ্রকাৰ হৈ ওলোৱা জুই কনলৈ চায়
এটা গৌৰব অনুভব কৰিছিলোঁ।
প্ৰতিটো
কোঠাত এটাকৈ লেম্প থৈ এটা লেম্প বাকী ৰাখি, হাত ভৰি
ধুই শেষৰ লেম্পটো মই বাইটিৰ কোঠাত ৰাখি তাতেই বহিছিলোঁ। সুন্দৰকৈ লেম্প
জলোৱাৰ বাবে বাইটিয়ে মোক গল্প কৈছিল। ঊষা অনিৰুদ্ধ, সতী বেউলাৰ কাহিনী। টেবুলত ভেজা দি একান্ত
মনেৰে বাইটিৰ মুখলৈ চাই মই শুনি যাওঁ। লাহে লাহে লেম্পৰ পোহৰৰ
পৰা বাইটিৰ মুখখন আঁতৰি যায়। মোৰ মনৰ পাতত এক নতুন পৃথিবীৰ সৃষ্টি হয়।
চিত্ৰলেখাৰ তুলিকাৰ পৰশ পোৱাৰ দৰেই, মোৰ মনৰ ৰাজকুঁৱৰীহঁত, কাব্য মুনিৰ আশ্ৰমৰ চৰাই
চিৰিকটিৰ লগত খেলি থকা শকুন্তলা জীৱন্ত হই পৰা ছবি বোৰে নাচি নাচি আহিব ধৰে।
শকুন্তলা, সতী বেউলাৰ কাহিনীত মই সদায়ে কান্দিছিলোঁ।
আবেগিক কাহিনীৰ শেষত মোৰ আজিও চকু সেমেকে ।
শকুন্তলাৰ
কাহিনী এতিয়া আৰু বাইটিয়ে নকয়, লিখে ইতিহাসৰ ফুল গাভৰু, নাংব্লক কুঁৱৰী ভমো আইদেউৰ কথা। কিন্তু আজি বাইটিৰ
কাহিনীয়ে মোক কন্দুৱাব নোৱাৰে। তেওঁৰ লিখা মই ভাল নাপাওঁ।
কাহিনী কবলে
নিজেই সেই কাহিনীত জীব লাগিব । কাহিনীৰ চৰিত্ৰৰ লগে লগে নিজেও আবেগিক নহৈ, সংঘৰ্ষৰ উত্তেজনা খিনি নিজে অনুভব নকৰি কোৱা
কথাই মোক প্ৰভাৱিত কৰিব নোৱাৰে। তাত হোৱা যুদ্বৰ উত্তেজনাই মোৰ হাত ভৰি শিথিল কৰিব নোৱাৰে।
মিঃ
উইলিয়াম জোছেফ মিগাৰে লিখা 'টিপি
লকলিন' নামৰ কিতাপ এখন বাইটিয়ে এদিন পঢ়িবলৈ দিছিলে- মোৰ
জীৱনত আজিলৈকে পঢ়া সমস্ত কিতাপবোৰৰ ভিতৰত এইখন এখন অতি সুন্দৰ বুলি মই গণ্য কৰো।
কিতাপখনৰ লৰা টিপিৰ চকুৰে পৃথিৱী খনলৈ চায়, মই আজিও অভিভূত হওঁ। কিতাপখনৰ পাতবোৰ ৰঙচুৱা হৈ গৈছে কিছু ফাটি গৈছে। কিতাপখন তথাপিও মোৰ লগত আছে।
লিখকজনৰ মৃত্যুৰ পিছত মিছেচ মিগাৰে লিখা তেওঁৰ জীৱন কথাত, মই মিঃ মিগাৰলৈ লিখা
চিঠি এখনৰ বিষয়ে এনেকৈ উল্লেখ কৰিছে-
A few years after his death an e-mail addressed to Joe arrived from a young Indian architect who said his sister had read Tippy Locklin to him in Assamese when he was a child. He wrote: "More than any fairy tales or bedtime stories it was your book that would send me to a different world. Since then I have read Tippy till the pages wore out... Till today at any time when I am in need of a friend, it is this book that comes out of the book rack."
How thrilled Joe would have been to read that, and to know that a book about a small boy in Brooklyn had meant so much to a small boy in India.
সঠিক ভাবে
প্রকাশ কৰা, আবেগ অনুভূতিয়ে সকলো
ব্যবধান, সকলো দূৰত্ব পাৰ হৈ আমাক চুই যায়।
এইয়ে হ’ল শব্দৰ জাদুগৰি!
বাইটিয়ে ৰচা ছবিখনৰ আকাশত ৰং বোৰে উত্তৰৰ অওৰৰাৰ
দৰে পোহৰৰ লেলিহান শিখাৰ দৰে নাচি নোঠে। বৰষুণ মুখীয়া ৰ’দত ওলোৱা
ৰাম ধেনু খনৰ দৰে জঠৰ হৈয়ে থাকে।
মোক গল্প কোৱা বাইটিজনী আজি ক’ৰবাত হেৰাই গল।
....