Translate

Tuesday, April 8, 2014

বিহু



বন্ধুৰ ঘৰত বিহুৰ কথা


খিৰিকীৰ কাষৰ গছজোপালৈ চাই গমেই পোৱা নাছিলোঁ যে বহাগ বিহু পালেহিয়েই। বাঢ়ি অহা ৰিয়েল এস্টেটৰ চাহিদাত, বিল্ডাৰে ঢাঁহিমুহি কাটি পেলোৱাব ভয়ত কিজানি গছজোপাই নতুন পাত মেলিবলৈ পাহৰিয়েই গ'ল। অসম হয়তো চাৰিওফালে গছে পাতে সেঁউজীয়া হৈ পৰিছে। সৰুতে  এই সময়ত,  কাও- থেকেৰা, কোনোবা ঢাপৰ তলত, চেঁচুকীয়া ঠাইত হোৱা গৰখীয়া বুটলি খাই ফুৰা মনত আছে। ৰ’দ বতাহত এটা মন উৰুঙা কৰি নিয়া অচিন অনুভব হৈছিলে, যিটোক পিছত ইংৰাজীত স্প্ৰিং ফিভাৰ কয় । অসমত আকৌ বসন্ত ৰোগ বুলিলে, আই ওলোৱা বা মিজলস হোৱা বুজাই। ইমান সুন্দৰ ঋতুৰ নামটোৰ অৰ্থ কিয় এনে হল কব নোৱাৰিলো।
               
গুজৰাটৰ গৰমত এঙ্কেফেলাইটিচ, পানী-লগা, মেলেৰীয়া আৰু সকলো বিধৰ জৰত ভুগিলো,  স্প্ৰিং ফিভাৰ কিন্তু কোনো দিনে নহ’ল।
বহাগ বিহু আৰু মাঘ বিহুৰ সময়ত মোক প্ৰায়ে নষ্টালজিয়া নামৰ ভূতে ধৰে, আৰু মই মোৰ গুজৰাটত ডাঙৰ হোৱা  লৰাটোক  বিহুৰ সুৱাদ দিবলে ব্যৰ্থ চেষ্টা কৰো।

এবাৰ অসমলৈ যাওঁতে, বন্ধু এজনৰ আগত  মোৰ লৰাই যে বিহু , অসমীয়া নিতি নিয়ম, খোৱা বোৱাৰ প্রতি অকণমানো ৰাপ নেদেখোৱাই তাৰ বিষয়ে দুখ কৰি কৈছিলোঁ। বন্ধুজনে তেওঁৰ ফুলৰ প্ৰিন্ট থকা দগধা গিলাচত  'অফিচাৰচ চইছ' হুইস্কি অকণমান ঢালি লৈ  অতি গুৰুত্বপূৰ্ণ ভাবে মোক কলে-
“তাৰ বাবে আপোনালোকেই দায়ী। লৰা ছোৱালীক নিজৰ সংস্কৃতি লগত পৰিচয় কৰি দিয়াটো মাক বাপেকৰেই দায়িত্ব। যি জনে তেওঁৰ 'ৰুট'টো হেৰুৱাই পেলাই তেওঁৰ একেবাৰে অস্তিত্বই নাইকিয়া হয়। বিহুটোৱেই আমাৰ পৰিচয়।“
ঠিকেই, যেনেকৈ 'ভাঙ্গৰা' নাচৰ নাম ল’লে শিখ, সত্ৰীয়া কলে অসমীয়া তেনেকৈ বিহু বুলিলেও অসমীয়া। খোৱা-বোৱাৰ  নামৰ লগতো  এটা জাতিক, প্ৰদেশ বা সংস্কৃতিক জোৰা হয়, যেনেকৈ  'তন্দুৰী' বুলি কলেই পাঞ্জাব!

প্লেটৰ পৰা ভজা গাহৰি এডোখৰ মুখত ভৰাই বন্ধুজনে কলে- 
“ নচলিবনে বাৰু অকণমান হুইস্কি, সৰুকে পেগ এটা !”
“নাই নাই নালাগে। চাহ এটুপি পালেহে ভাল লাগিল হেতেন ” মই কলো।
মদ মই প্ৰায়ে  পিও, প্ৰায় নিয়মিত ভাবেই। কিন্তু আবেলি তিনি বজাত গিলাচত চুমুক দিয়াৰ অভ্যাস কন এতিয়াও মোৰ হোৱা নাই।
আঙুলিয়েদি বৈ অহা গাহৰিৰ তেল কন চেলেকি বন্ধুয়ে কলে’-
“আমাৰ ইয়াত চাহ আকৌ কেব’ল ৰাতি পোৱাহে পিয়া যায়। চেহ,  আপুনি চোন গাহৰিও নাখাই ,জনা হলে মই আপোনালৈ খাচী মাংস আনি থলো হেতেন”।
আলফুলে আৰু এ দুখৰ মাংস তুলিলৈ, বৰ মৰমেৰে  চায় তেও আকৌ কলে-
“বুজিছে ফুকন, এই গাহৰিটো কিন্তু বৰ ভাল বস্তু”।

গাহৰি ময়ো খাই ভাল পাও। সৰু থাকোঁতে ঘৰলৈ কিনি অনাৰ ভাৰ মোৰেই আছিল। কিলোত চাৰি টকাৰ পৰা দহ টকা। মাংস চায়, বা কোনে কত কাটিছে, ভাগ কিমান হৈছে তাৰ ওপৰত দাম ঠিক হৈছিল। তেতিয়াৰ দিনত গাহৰি খোৱাটো বৰ সন্মানৰ কথা নাছিল। লুকাই চুৰকৈ কটা বেচা হৈছিল, লুকাই চুৰকৈ খোৱা হৈছিল।

আমাৰ ডাঙৰ দদাইদেউৰ আচল নামটো কিমানে জানিছিল কব নোৰাৰো। তেওঁক সকলোৱে ৰজা বুলি মাতিছিল। কাৰনো আছে, ঘৰ বাৰি, থকা মেলা ৰজাৰ দৰেই আছিল।  দুনিয়াৰ প্রতি আচৰণটোও  বেচ বেপৰোৱা আছিল।  বুধবৰীয়া বজাৰৰ পৰা দদায়ে গাহৰিৰ কিনে। মাংসৰ লগত গাহৰিৰ মুৰটোও কিনি চাইকেলৰ আগত বান্ধি আনিছিল, সকলোয়ে দেখাকৈ! আজি গাহৰি সবেই খায়।

আগৰ কথালৈ ওভতি মই বন্ধুক কলো যে তেও ঠিকেই কৈছে।  মোৰো বিহুৰ লগত সংষ্পৰ্শ কেৱল ইন্টাৰনেট আৰু ‘ইউ-টিউব ভিডিঅ’তেই সিমীত হৈ গৈছে। এইবাৰ মই মোৰ লৰাটোক  বিহুৰ সময়তে অসমলৈ লৈ আহিম। গাঁৱৰ ঘৰত এতিয়া অৱশ্যে কোনো নেথাকে। তথাপিও কিবা এটা কৰি তাত থাকি  লৰাটোক  বিহু উপভোগ কৰাৰ ব্যৱস্থা কৰিম।
"হেৰি- কি কৰিবলৈ লৈছেহে আপুনি। গাঁৱত কি বিহু দেখুৱাব। তাত কিবা হ’লেহে ! বিহু আজি কালি টাওনতহে হয়। তাকো আপুনি তিনিচুকীয়া বা শিৱসাগৰলৈ লৰাটোক নানিব। একেবাৰে গুৱাহাটীলৈ যাব’। তাত বৰ সুন্দৰ হয়  বুজিছে!  জুবিন গাৰ্গ তালৈকে আহে,  এইবাৰ হেনু সুনিধি চৌহানকো মাতিছে !”

সৰু থাকোতে দুভাগ ৰাতি হুঁচৰিয়ে চোতালত বজোৱা ঢোলৰ গাজনীত টোপনি ভাঙি গৈছিল। তথাপিও আমি হুঁচৰি অহালৈ আদৰেৰে বাট চাই ৰৈছিলো। বিহুৰ অন্তত কাৰ ঘৰলৈ কেইজোৰা  হুঁচৰি আহিছিল তাকে লৈ ফেৰ মাৰিছিলো। আজি হুঁচৰি মঞ্চত হয়। বিহুৰে নতুন বছৰটোক আদৰা নাযায়। মাজ বহাগৰ পৰা ঘৰে ঘৰে, নানান অনুষ্ঠানৰ পৰা চান্দা তুলি বহাগী বিদায়হে পাতে।
বৰোডাত থকা অসমীয়া লোক সকলেও  বিহু পাতে। 'অ এন জি চি’ৰ ক’লনিৰ গে ষ্ট হাউছত। এবাৰ মই  গৈছিলোঁ। খোৱা বোৱাৰ আগত নাচ গানৰ অনুষ্ঠান ৰখা হৈছিল।  অকণ অকণ লৰা ছোৱালীবোৰে  প্ৰথম নাচটো পৰিবেশন কৰিছিল সুন্দৰ চনিয়া চোলি পিন্ধি, আইশ্বৰীয়া ৰায়ে নচা ‘ নিম্বুৰা নিম্বুৰা’ গানটো বজায়। মই লাহেকৈ উঠি আহিলো।
গুজৰাটত  দুৰ্গা পূজাৰ সময়ত  ‘নৱৰাত্ৰি’ বা ‘গৰবা’ নচাৰ উৎসৱ হয়।  সকলো বয়সৰ লোকে দুৰ্গাৰ অন্য ৰূপ, মা অম্বেৰ পূজাৰ বেদীৰ চাৰিও ফালে ঘুৰি ঘুৰি গোটেই ৰাতি নাচে। ল’ৰা ছোৱালীবোৰৰ বাবে ই অতি আনন্দৰ উত্সৱ। গোটেই বছৰ এই ন’ দিনৰ বাবে উৎকণ্ঠাৰেই  ৰৈ থাকে। গাঁও চহৰ সকলো ঠাইতে সমান ভাবেই ‘নবৰাত্রি’ পালন কৰা যায়। 
মুকলি পথাৰত ৰাতি সঙ্গীতৰ লগে লগে  নাচ আৰম্ভ হয়। টেপ ৰেকৰ্ডাৰ বা চিডি প্লেয়াৰত বজোৱা গান নহয়। গায়কে পুৰণি আৰু নতুনকৈ ৰচা সকলো গীত ঠিক মাজত সজোৱা মঞ্চত বহি গায়। নতুনকৈ লিখা গীত সমুহু নিজৰ বিশিষ্টতাৰ পৰা আতৰি নাযায়। দহ পোন্ধৰ হেজাৰ লৰা  ছোবালীয়ে সংগীতৰ  তালে তালে নাচি থাকে গোটেই ৰাতি।
এই বিষাল অনুষ্ঠানবোৰৰ বাবে খৰচ পৃষ্ঠপোষকতা কৰি বহন কৰে সৰু ডাঙৰ ব্যবসায়িক সংস্থাবোৰে। কোনো জনসাধাৰণৰ পৰা জোৰ জবৰদস্তি কৰি চান্দা গোটোৱাৰ নিয়ম নাই।
গুজৰাতত  মদ নিবাৰণৰ বাবে খোলাকৈ মদ পোৱা নাযায়। কিন্তু তথাপিও ইয়াত মদ খোৱা হয়, আন যি কোনো ঠাইৰ সমানেই। সবেই খায়। কিন্তু কেতিয়াও এনে সমাগমৰ মাজত মদ খাই কোনো নাযায়। কোনেও মাতালামি কৰাৰ কথা শুনি পোৱা নাই।
এবাৰ এনে এটা গৰবা স্থলত হঠাতে  বিজুলী সংযোগৰ বিজুতি ঘটি সম্পুৰ্ণ ভাবে অন্ধকাৰ হৈ পৰিল। জোনাকৰ পোহৰত, লাউড স্পিকাৰ নোহোৱাকৈ গোৱা গায়কসকলৰ লগত  সমস্বৰে সুৰ মিলাই দহ হেজাৰ লৰা ছোবালীয়ে নাচি থাকিল চাৰি পাচ ঘন্টালৈকে। কতো একো অঘটন নঘটিল।


বন্ধুৰ আঠ বছৰীয়া  ছোৱালীজনীয়ে হাতত তামোলৰ বটাটো লৈ সোমাই আহিল। তাৰ মানে বন্ধুপত্নীয়ে ইঙ্গিত দিছে মেল শেষ কৰাৰ সময় হল। জীয়েকলৈ দেখুৱাই বন্ধুৱে কলে-
“আমাৰ এইজনীয়ে যোৱা বছৰ ‘জুনিয়ৰ গ্রুপ’ৰ বিহু কুঁৱৰী হৈছিল বুজিছে, এই আইজনী খুৰাক নাচ এপাক দেখাই দেচোন”।
ফিচিক কৈ হাঁহি এটা মাৰি – “এ লাজ লাগি যায়” বুলি তাই ভিতৰলৈ সোমাই গল।  
“তেনেহলে ময়ে এপাক নাচো” বুলি বন্ধুৱে ককাল ভাঙিবলৈ ধৰিলে।
কিছুদিনৰ আগতে, ঘৰৰ ওচৰত থকা স্কুল খনৰ শিক্ষক কেইগৰাকীয়ে আমাক স্কুলৰ  এক অনুষ্ঠানৰ বাবে ছাত্র ছাত্রী কেইজনমানক বিহু নাচ শিকাবলৈ অনুৰুধ কৰিছিল। 
“আপোনালোকে ‘স্টেপ’ৰ চিকুয়েন্স’ কেইটা দেখাই দিলেই হব। আমাৰ নাচৰ শিক্ষকে বাকী কৰিয়গ্রাফী নিজেই কৰি লব।
"চিকুয়েন্স" !?
“নিশ্চয়। নাচৰ ভঙ্গীমাবোৰৰ একো এটা চিকুয়েন্স  থাকে,  গণিতৰ ‘জ্যমেট্রিক প্রগেছন’ৰ দৰেই। ধৰি লওক ই এটা ‘ফৰমুলা’। ইয়াক লৈয়ে  কৰিয়গ্রাফ কৰি বেলেগ বেলেগ ভাবে নাচৰ প্রযোজনা কৰা যায়”।
“আপুনিচোন নাচটোক অঙ্ক কৰি পেলালে”!
“অঙ্ক বা গণিত সবতেই থাকে।  কলাচিত্র বা সঙ্গীত বা নৃত্যক গণিতেৰে বিশ্লেষণ কৰিব পাৰি। 'কেনভাছ'ত অকা ছবিৰ ৰঙে কৰা পোহৰৰ অবৰোধ, সঙ্গীতৰ সা-ৰে গা মা, বা নাচৰ  ‘মুভমেন্টৰৰ ৰিদম’ গণিতেৰে সংযোজিত কৰিব পাৰি। কিয়, এখন সুন্দৰ মুখৰো অঙ্ক থাকে”।
হয়, ছাত্র অৱস্থাত  অঙ্কত প্রায়ে ফেইল হৈছিলো গতিকেই কিজানি নাচিব গাব নোৱাৰিলো।
কথক নৃত্যৰ স্টেপ চিকুয়েন্স


ঘৰলৈ আহি  ইউটিউব খুলি বিহু নাচৰ  ‘স্টেপ’ৰ চিকুয়েন্স  বিচাৰিবলৈ লাগি গলো। কেতিয়া ককাল ভাঙে আৰু কেতিয়া পাক ঘুৰে, কোনটো তালৰ লগে লগে  হাত ঘুৰাই দিয়ে, তাৰ কিবা নিৰ্ধাৰিত নিয়ম আছে নে ইচ্ছা অনুযায়ী তেনে কৰে ? বহুত কেইটা ভিডিঅ’ চোৱাৰ পিচতো এটা স্বতন্ত্র নিয়ম বিচাৰি নেপালো। বিহু নাচ কিজানি কেতিয়াও পৰিকল্পিত হৈ আৰম্ভ হোৱা নাছিল।  'ৰিপাব্লিক ডে' বা তেনে ধৰনৰ দিৱস উপলক্ষে আয়োজন কৰা অনুস্থানত  বেচ কিছু চিঙ্ক্রনাইজদ বিহু নাচ দেখা পাইছো।  বিহু আজি বহুত সুসংগতিত হৈছে যদিও  পৰিকল্পিত ভাবে গথা হোৱা নাই। 

বন্ধুৰ ঘৰৰ পৰা বিদায় লৈ  যাবলৈ  উঠিলো। তেঁওৰ মোৰ ফালে খবৰেই নাই। তেতিয়ালৈকে বিহুৰ  আৰু মদৰ নিচাই বন্ধুক ভালকৈয়ে ধৰিছিল।





No comments:

Post a Comment